I am now accessing as a :

Government Of Assam Public Health Engineering Department (PHED) Neer Nirmal Pariyojana, Assam (World Bank Aided Project)

বৰ মায়ং নলীযুক্ত পানী যোগান আঁচনি (বৰ মায়ং পি.ডব্লিও.এছ.এছ.), মৰিগাঁও জিলা

  • প্ৰকল্পৰ নামঃ বৰ মায়ং নলীযুক্ত পানী যোগান আঁচনি (বৰ মায়ং পি.ডব্লিও.এছ.এছ.)

    প্ৰস্তাবিত পানীৰ উত্সঃ কলং আৰু কপিলী নৈ

    প্ৰস্তাবিত ব্যৱহাৰিক বিন্দুঃ ইয়াত মুঠ তিনিটা প্ৰস্তাবিত ব্যৱহাৰিক বিন্দু আছে, সেইয়া হল- বিহিতা, সিন্ধেশ্বৰ আৰু ধৰমতুল

    অৱস্থানঃ উত্তৰ অক্ষাংশ ২৬০৬’২০.৪৬”ৰ পৰা ২৬১২’৫১.৬৪”লৈ, পূৱ দ্ৰাঘিমা ৯২০৯’৫০.২০”ৰ পৰা ৯২৯১’৪৬.৪৪”লৈ

    সংযোগ ব্যৱস্থাঃ গুৱাহাটী ৰাজধানীৰ পৰা ৭৪কিলোমিটাৰ দূৰত্বত।

    জিলা খনৰ বিষয়েঃ

    মৰিগাঁও জিলাখন ১৯৮৯চনৰ চেপ্তেম্বৰ মাহলৈ নগাঁও জিলাৰে অংশ আছিল। ১৯৮৯চনৰ ২৯চেপ্তেম্বৰ তাৰিখে ই পূৰ্ণ জিলাৰ ৰূপ লাভ কৰে যেতিয়া ইয়াক নগাঁও জিলাৰ পৰা বিভক্ত কৰা হৈছিল। বৰ্তমানৰ মৰিগাঁও জিলা ব্ৰহ্মপূত্ৰ নৈৰ দক্ষিণ পাৰত অসমৰ মধ্য ভাগত অৱস্থিত। ইয়াৰ উত্তৰে আছে ব্ৰহ্মপূত্ৰ নৈ, দক্ষিণে কাৰ্বি আংলং জিলা, পূৱত নগাঁও জিলা আৰু পশ্চিমে আছে কামৰূপ জিলা। ইয়াৰ মুঠ এলেকা হৈছে ১,৪৫০.০২ বৰ্গ কিলোমিটাৰ।

    সামৰি লব লগীয়া এলেকাঃ

    এই প্ৰকল্পই মৰিগাঁও জিলাৰ ভোৰবন্ধা আৰু মায়ং এই দুই উন্নয়ন খণ্ডৰ ১৬গাঁও পঞ্চায়তক প্ৰতিদিনে ২৪ঘণ্টাই নলীযুক্ত খোৱা পানী যোগান ধৰাৰ বাবে সামৰি লয়। মুঠ ১৫৪গাঁও এই প্ৰকল্প এলেকাৰ অন্তৰ্গত।

    চাবলৈ চোৱাইপ কৰক

    ক্ৰঃ নংউন্নয়ন খণ্ডৰ নামগাওঁ পঞ্চায়তৰ নাম
    ভূৰ বন্ধাএজাৰ বাৰী
    ভূৰ বন্ধাবঘৰা
    মায়ংদক্ষিণ ধৰমতুল
    মায়ংতেলাহি
    মায়ংউত্তৰ ধৰমতুল
    মায়ংবাঘজাপ
    মায়ংবহা বৰজাৰী
    মায়ংবৰপাক
    মায়ংদুংগাবৰী
    ১০মায়ংজাগী ভকত গাওঁ
    ১১মায়ংপালিগুৰি
    ১২মায়ংদেওশাল
    ১৩মায়ংগোভা
    ১৪মায়ংজাগীৰোড
    ১৫মায়ংনেলী
    ১৬মায়ংশিলচাং

    পলকতে কাৰ্যক্ৰমঃ

    ১. জল পৰিশোধন ক’ল আৰু ই.এছ.আৰ. নিৰ্মাণ কাৰ্য্য অব্যাহত আছে।

    ২. সমূহীয়া প্ৰতিনিধিৰ সজাগতা সভাও অব্যাহত আছে।

    ৩. জি.পি.ডব্লিও.এছ.চি. সদস্য সকলৰ প্ৰশিক্ষণো অব্যাহত আছে।

    ৪. সমূহীয়া অৰিহণা সংগ্ৰহৰ কাৰ্য্যও অব্যাহত আছে।