I am now accessing as a :

Government Of Assam Public Health Engineering Department (PHED) Neer Nirmal Pariyojana, Assam (World Bank Aided Project)

ইতিহাস

এন.এন.পি., অসমৰ বিষয়ে

নলীৰে পানী যোগান ধৰা আৰু ঘৰুৱা সংযোগৰ তথ্যৰ ওপৰত ভিত্তি কৰি ভাৰত চৰকাৰে অসম, বিহাৰ ঝাৰখণ্ড আৰু উত্তৰ প্ৰদেশ- এই চাৰিখন ৰাজ্যক গোটেই দেশৰ ভিতৰতে পিচপৰি থকা ৰাজ্য বুলি চিনাক্ত কৰিছে। খোৱা পানী আৰু অনাময় (MODWS) মন্ত্ৰালয় আৰু বিশ্ব বেঙ্কে একেলগে নিম্ন আয়ৰ ৰাজ্য সমূহৰ গ্ৰাম্য পানী যোগান আৰু অনাময় কাৰ্যসূচী ( RWSSP-LIS) ৰ উন্নতি সাধন কৰিছে; -- যিটোৰ লক্ষ্য হৈছে চিনাক্ত কৰণ কৰা ৰাজ্য সমূহৰ চিনাক্ত কৰা গ্ৰাম্যঞ্চললৈ বিকেন্দ্ৰীকৃত সেৱা প্ৰদান পদ্ধতিৰে নলীৰে পানী যোগান আৰু পয়ঃ প্ৰণালীৰ উন্নীত কৰণ।

নিম্ন আয়ৰ ৰাজ্য সমূহৰ গ্ৰাম্য পানী যোগান আৰু অনাময় কাৰ্যসূচী (নতুনকৈ নীৰ নিৰ্মল পৰিযোজনা বুলি নামাকৰণ কৰা হৈছে) আচঁনিখন অসম, বিহাৰ, ঝাৰখণ্ড আৰু উত্তৰ প্ৰদেশত কাৰ্য্যকৰী কৰা হৈছে।

নিম্ন আয়ৰ ৰাজ্যৰ গ্ৰাম্যাঞ্চলৰ পানী যোগানা আৰু অনাময় আচঁনিখন অসমৰ সাতখন জিলাত ২০১৩-২০২০ চনৰ সময় ছোৱাত দুটা দলত আৰম্ভ কৰা হৈছে।

দল-১

৩ খন বহু গাওঁ সন্নিবিষ্ট ডাঙৰ আচঁনি হাইলাকান্দি,যোৰহাট আৰু কামৰূপ(ম) জিলাত কাৰ্য্যকৰী কৰা হৈছে যিটোৰ মুঠ প্ৰকল্পৰ ব্যয় হ’ল ৬৭৬.০৩ কৌটি টকা।

আয়তনঃ-

জনসংখ্যাঃ ৫,৮৯,২৮৩ জন

গাওঁ পঞ্চায়তঃ ৬৩ খন

উন্নয়ন খণ্ডঃ ৭ টা

দল-২

৪ খন বহু গাওঁ সন্নিবিষ্ট ডাঙৰ আঁচনি মৰিগাওঁ, বঙাইগাওঁ, শোণিতপুৰ আৰু শিৱসাগৰ জিলাত পৰীক্ষামূলক ভাৱে ৮২২.৬৭ কৌটি টকাৰ প্ৰাক্কলনত লোৱা হব।

আয়তনঃ-

জনসংখ্যাঃ ৮,৪৩,৪৮১ জন

গাওঁ পঞ্চায়তঃ ৯৯ খন

উন্নয়ন খণ্ডঃ ৯ খন