মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ জনস্বাস্থ্য কাৰিকৰী বিভাগ নীৰ নিৰ্মল পৰিযোজনা, অসম (বিশ্ব বেঙ্কৰ সাহায্যপ্ৰাপ্ত প্ৰকল্প)

সামূহিক গতিশীলতা

  • নীৰ নিৰ্মল পৰিযোজনা আঁচনিখন হ’ল লক্ষ্য কৰা ৰাজ্য সমূহত বিকেন্দ্ৰীকৃত সেৱা প্ৰদানৰ জৰিয়তে নিৰ্বাচিত গ্ৰাম্য সমাজত নলীৰে পানী যোগান ধৰা আৰু স্বাস্থ্য প্ৰণালীৰ উন্নয়ন সাধন কৰা। এই লক্ষ্যত উপনীত হবলৈ হলে প্ৰকল্পটোই কেইবাটাও বাটেৰে গৈ কাৰিকৰী আৰু সামাজিক দিশকে ধৰি আচঁনিখন কাৰ্য্যকৰী কৰণ, প্ৰকল্পটোৰ কাৰ্য্য সম্পাদন আৰু প্ৰতিপালন কৰা আৰু মূলতঃ ৰাইজৰ সহযোগৰ ওপৰত দৃষ্টিপাত কৰি, প্ৰাথমিক ভাৱে পুজি যোগাওঁতা সকলৰ মাজত স্বচ্ছতা আৰু নিজ স্বত্ব সাব্যস্ত কৰোৱা। প্ৰকল্পটোৰ কাৰিকৰী কুশলতাখিনি প্ৰধানকৈ জনস্বাস্থ্য কাৰিকৰী বিভাগে দিব—আনহাতে সামাজিক আৰু আনুস্থানিক সংগঠনকাৰী  আৰ্হিৰ দ্বাৰা।

    ৰাজহুৱা সংগঠনকাৰী বিলাক হৈছে অতি উত্তম সমাজ সংগঠনকাৰী যিজনে সমাজৰ মানুহখিনিৰ স্বভাৱেই সলনি কৰি দিব পাৰে। ৰাজহুৱা সংগঠনকাৰী বিলাকক জনসাধাৰণক সংগঠন কৰিবলৈ নজৰত ৰখা হয় আৰু জনসাধাৰণে এন.এন.পি. ৰ অধীনত উন্নত পানী যোগান আৰু পয়ঃ প্ৰণালীৰ সুবিধা ভোগ কৰাত এই সংগঠক সকলে মূল ভূমিকা লয়। প্ৰকল্পটোৰ লক্ষ্যত উপনীত হবলৈ বুলি সহায়-সাহায্যৰ দাবীক উত্সাহিত কৰিবৰ বাবে সমাজ সংগঠক সকলক সমাজ সংগঠনৰ কামত আগবঢ়াই দিয়া হয়, লগতে প্ৰকল্প স্থাপিত জিলাৰ সমূহ জনগনক ধাৰণা সলনি কৰি কৰ্মৰত হবলৈ সমাজিক ভাৱে সংগঠিত কৰা হয়।    বিভাগটো, জি.পি.ডব্লিউ.এছ.চি. আৰু জন সাধাৰণৰ মাজত এই জনসাধাৰণৰ সংগঠক সকল হ’ল মুঠৰ ওপৰত একোখন দলং। পানী যোগান আৰু পয়ঃপ্ৰণালী আচঁনিখনে এন.এন.পি. ৰ অধীনত আগবঢ়োৱা সেৱাৰ বিষয়ে জনতাৰ মাজত সজাগতা আনৰ বাবে তেওঁলোক একেবাৰে আগত স্থান লয়।

    সমাজ সংগঠক সকলক নিয়োগ কৰিবলৈ আৰু তেওঁলোকৰ চিনাক্ত কৰি নিৰ্বাচন কৰিবলৈ এক প্ৰণালীবদ্ধ পদ্ধতি অৱলম্বন কৰা হৈছে। প্ৰাৰ্থী বিলাকক এক নতুনকৈ উদ্ভাৱন কৰা আৰু অংশীদাৰ কৰাবলৈ এক নিৰ্বাচন পদ্ধতি উলিওৱা হৈছে য’ত প্ৰাৰ্থীজনৰ নেতৃত্বৰ গুণ,যোগাযোগৰ কৌশল, কৰ্মস্পৃহা দলীয় কৰ্মৰ যোগ্যতা, বক্তৃতা দিয়াৰ ক্ষমতা, আৰু আগ্ৰহ নিৰ্দ্ধাৰণ কৰা হয়। তাৰ পিছত নিৰ্বাচিত সমাজ সংগঠক বিলাকক প্ৰচুৰ আবাসিক প্ৰশিক্ষণ দিয়াৰ পিচত গাঠনিযুক্ত ক্ষেত্ৰীয় কৰ্মত নিয়োজিত কৰা হয়। সূচনা কৰা আচঁনি, আৰু ক্ষেত্ৰীয় কৰ্মখিনি এনেকৈ প্ৰস্তুত কৰা হয় যাতে ই সমাজ সংগঠক জনক প্ৰকল্পটোৰ কাৰ্য্যকৰী কৰণত স্থানীয় সমল ব্যক্তি হিচাপে ধৰিব পৰা হয়

    প্ৰতিখন প্ৰকল্পাধীন গাওঁ পঞ্চায়তৰ দুজনকৈ সমাজ সংগঠক আছে,-১ জন পুৰুষ আৰু-১ গৰাকী মহিলা ; এওঁলোকক অংশীদাৰ নিৰ্বাচন পদ্ধতিৰে নিৰ্বাচিত কৰা হয়। গতিকে ১ ম দলত থকা ৬৩ খন গাওঁ পঞ্চায়তত নিৰ্বাচিত আৰু কৰ্মত নিয়োজিত সমাজ সংগঠকৰ সংখ্যা হব ১২৬ জন। একে পশ্চাদপট আৰু একে কৰ্ম কৰি অহা বাবে এইটো দেখা গৈছে যে এওঁলোকে এওঁলোকৰ অভিজ্ঞতা এই প্ৰকল্পটোত ঠাইখুৱাই খটুৱাই প্ৰথম শাৰীৰ কৰ্মী আৰু উপভোক্তা হব পাৰিব।