মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ জনস্বাস্থ্য কাৰিকৰী বিভাগ নীৰ নিৰ্মল পৰিযোজনা, অসম (বিশ্ব বেঙ্কৰ সাহায্যপ্ৰাপ্ত প্ৰকল্প)

ৰাজহুৱা বৰঙণি

  • লক্ষ্যত উপনীত হবলৈ হলে, প্ৰকল্পটোৱে সামাজিক মালিকীস্বত্বৰ চিহ্ন হিচাপে মূল খৰছৰ বাবে সমাজৰ পৰা সামান্য এটা বৰঙণি লোৱাৰ কথাটো চিন্তা কৰিছে। সামজিক বৰঙণি মুঠ প্ৰকল্প খৰছৰ ১%  হবগৈ।

    প্ৰতিঘৰ উপভোক্তাৰ পৰা প্ৰাথমিক ভাৱে এবাৰতে ৪৫০ টকাকৈ(অনুসূচীত জাতি / জনজাতিৰ বাবে ২২৫ টকাকৈ) মূল খৰছৰ ( Capital Expenditur- CAPEX) বাবে বৰঙণি হিচাপে সংগ্ৰহ কৰা হব। এনেদৰে সংগ্ৰহ কৰা ৰাজহুৱা বৰঙণিখিনি জি.পি.ডব্লিউ.এছ.চি. ৰ হিচাপত জমা কৰা হব।

    পৰিচালনা আৰু প্ৰৱন্ধনাৰ খৰছখিনি অৰ্থাত্ উপভোক্তাৰ পৰা আদায় কৰা পৰিচালনৰ খৰছখিনি প্ৰতিঘৰত সংযোজিত মিটাৰৰ পৰাপোৱা হিচাপৰ ওপৰত ধাৰ্য্য কৰা হব।