মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ জনস্বাস্থ্য কাৰিকৰী বিভাগ নীৰ নিৰ্মল পৰিযোজনা, অসম (বিশ্ব বেঙ্কৰ সাহায্যপ্ৰাপ্ত প্ৰকল্প)

উদ্ভাবন

ঘোষণা পত্ৰ

(মূল স্তৰৰ জৰীপ, ৰাজহুৱা বৰঙণি, সূচনা আৰু কৃতকাৰ্য্যতাৰ কাহিনী)

“The Bulletin”খন হৈছে ৰাজহুৱা বৰঙণি, মূল স্তৰৰ জৰীপ আৰু আন আন তথ্যাদি ভাগ বটোৱাৰা কৰা তথ্যৰ আদান-প্ৰদানৰ মঞ্চ। গ্ৰাম্য পানী যোগান আৰু পয়ঃপ্ৰণালীৰ বাবে ৰাজহুৱা ভাৱে কৰা সংগঠন আৰু এই প্ৰকল্পৰ কৃতকাৰ্য্যতাৰ কাহিনীও ইয়াত লিপিবদ্ধ হৈ আছে।

মূল স্তৰত জৰীপৰ গতিবেগ আৰু গুণাগুণ বৃদ্ধিৰ বাবে লোৱা ভূমিকাঃ- প্ৰকল্পিত অঞ্চলত এন.এন.পিৰ অভিযান আৰম্ভ কৰিবলৈ মূল স্তৰত জৰীপ কৰা হয়। “ টেবলেটৰ ”  মাধ্যমত থকা “চফটৱেৰ” ব্যৱহাৰ কৰি এই জৰীপৰ কামখিনি কৰা হয়।

ট্ৰেঙ্গুলেচন অৱ বেচলাইন ডাটা(Tri-BD) ৰ কাৰ্য্যকৰীকৰণঃ-মূল স্তৰৰ তথ্য সমূহ সঁচা বুলি প্ৰমাণ কৰিবলৈ আমি ২ টা স্তৰত “ট্ৰেঙ্গুলেচন অৱ বেচলাইন ডাটা ”(Tri-BD) কাৰ্য্যকৰীওলাইছোঁ। ১ ম স্তৰটোত ৩ টা বিভিন্ন মূলত (অৰ্থাত SBM জৰীপৰ ডাটা, ২০১৬ চনৰ ভোটাৰ তালিকাৰ লগত তুলনা আৰু ৱাৰ্ড মেম্বৰ/গাওঁ পঞ্চায়তৰ সভাপতিৰ পৰা সৰ্বশেষত শুদ্ধ বুলি প্ৰমাণিত কৰা) মূল স্তৰৰ ডাটা সমূহ সত্য বুলি প্ৰত্যায়িত কৰা হব। ২ য় স্তৰত এৰি থৈ যোৱা ঘটনা সমূহৰ/HH (যদিহে আছে)ৰ জৰীপ সম্পন্ন কৰিম।

ৰিচ্চ কমিউনিটি থ্ৰু.এছ.এছ(RCTS)  কাৰ্য্যকৰী কৰণঃ-

আমি এতিয়া RCTS কাৰ্য্যকৰী কৰণ প্ৰক্ৰিয়াত—ৰিচ্চ কমিউনিটি থ্ৰু.এছ.এছ(বহু বিলাক এছ. এম. এছ ব্যৱহাৰ কৰি ) আছোঁ।RCTS ৰ প্ৰাথমিক উদ্দেশ্য হ’ল এই প্ৰকল্পৰ অধীনত নিৰ্বাচিত জন সাধাৰণৰ মাজত “গ্ৰাম্য পানী যোগান আৰু অনাময়প্ৰকল্প (RWSSP)”ৰ বিযয়ে সজাগতাৰ সৃষ্টি কৰা।RCTS ৰ লক্ষ্য   হ’লঃ-

(১) ৰাজহুৱা বৰঙণি প্ৰাপ্তিৰ স্বীকাৰ কৰা

(২) প্ৰকল্পটোৰ ওপৰত এটা স্পষ্ট সজাগতাৰ সৃষ্টি কৰা

ৰিভিউ, ফিডবেক এণ্ড ৰেঙ্কিং(Re-Frank System) চিষ্টেমৰ কাৰ্য্যকৰী কৰণঃআমি এতিয়া মাহিলী ভিত্তিত, পুনৰীক্ষণ, পুনৰ্যোগান আৰু শ্ৰেণীভূক্ত (Re-Frank System)  কাৰ্য্যকৰী কৰণ কৰিবলৈ ওলাইছোঁ।ৰি- ফ্ৰেঙ্ক পদ্ধতিৰ অধীনত এই পদ্ধতিটো নিম্নোক্ত ধৰণৰ হবঃ-

  • ডি.পি.এম.ইউ. য়ে অনলাইন মণিটৰৰ প্ৰয়োগত সকলো যুক্তি যুক্ত তথ্য প্ৰতি মাহৰ ৫ তাৰিখৰ ভিতৰত ভৰ্ত্তি কৰিব
  • এছ.পি.এম.ইউ. য়ে তথ্য বিলাক লব আৰু উপস্থাপন কৰিব পৰাকৈ সজাই মেলি পুনৰীক্ষণৰ বাবে প্ৰতি মাহৰ ৭ তাৰিখৰ ভিতৰত সাজু কৰিব।
  • এখন ৰাজ্যিক স্তৰৰ পুনৰীক্ষণ সভা এছ.এল.আৰ.এম. প্ৰতি মাহৰ ৯ তাৰিখে অনুস্থিত হব। যদিহে সেই তাৰিখটো বন্ধৰ দিন হয়, তেন্তে পিচৰ কৰ্ম দিনটোত পুনৰীক্ষণ সভাখন অনুস্থিত হব।
  • কাৰ্য্য সম্পাদনৰ ওপৰত নিৰ্ভৰ কৰি ডি.পি.এম.ইউ.বিলাকক প্ৰতি মাহৰ ১২ তাৰিখৰ ভিতৰত ৰি-ফ্ৰেঙ্কিং প্ৰদান কৰা হব।