১) আৰ.ডব্লিও.এছ.এছ.পি. কি- এল.আই.এছ.(নীৰ নিৰ্মল পৰিযোজনা)?
ভাৰত চৰকাৰে বিশ্ব বেংকৰ আৰ্থিক সহায়ৰ জৰিয়তে নিম্ন আয়ৰ ৰাজ্যসমূহৰ বাবে এক গ্ৰাম্য পানী আৰু অনাময় প্ৰকল্পৰ আৰ্হি প্ৰস্তুত কৰি উলিৱাইছে, যি ৰাজ্যত খোৱা পানীৰ যোগান ব্যৱস্থা থকা গৃহৰ সংখ্যা তেনেই কম। প্ৰথম পৰ্য্যায়ত মুঠ চাৰিখন ৰাজ্য যেনে- অসম, বিহাৰ, ঝাৰখণ্ড আৰু উত্তৰ প্ৰদেশক এই প্ৰকল্পত ৰূপায়ন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় আৰু ইয়াৰ নামাকৰণ কৰা হয় নীৰ নিৰ্মল পৰিযোজনা(এন.এন.পি.) হিচাপে।
২) কোনবোৰ ৰাজ্যত এই প্ৰকল্প ৰূপায়ন কৰা হৈছে?
আৰ.ডব্লিও.এছ.এছ.পি.-এল.আই.এছ.ক মুঠ চাৰিখন ৰাজ্যত ৰূপায়ন কৰি থকা হৈছ, সেইয়া হল- অসম, বিহাৰ, ঝাৰখণ্ড আৰু উত্তৰ প্ৰদেশ।
৩) এই প্ৰকল্পৰ উদ্দেশ্য কি?
বিকেন্দ্ৰীকৃত সেৱা প্ৰদান ব্যৱস্থাৰ জৰিয়তে নিৰ্ধাৰিত ৰাজ্য সমূহৰ বাচনি কৰা গ্ৰামীণ সমূহীয়া সমূহক উন্নত নলীযুক্ত খোৱা পানী যোগান ধৰা আৰু স্বচ্ছ সেৱা প্ৰদান কৰাই হৈছে এই প্ৰকল্পৰ মূল উদ্দেশ্য।
৪) অসমৰ বাবে প্ৰকল্প খৰচৰ পৰিমাণ কিমান?
অসমৰ বাবে প্ৰকল্প খৰচৰ পৰিমাণ হৈছে ১,৪৭৪.০৩কোটি টকা।
৫) পুঁজি অংশৰ আৰ্হি কি ?
পুঁজি অংশৰ আৰ্হি তলত উল্লেখ কৰা ধৰণৰঃ
বিশ্ব বেংক | ৫০.০০ শতাংশ |
ভাৰত চৰকাৰ(ৰাষ্ট্ৰীয় গ্ৰাম্য খোৱা পানী কাৰ্য্যসূচী) | ৪৪.৫ শতাংশ |
অসম চৰকাৰ | ৪.৫০ শতাংশ |
সমূহীয়া বৰঙণি | ১.০০ শতাংশ |
৬) পুঁজি অংশিদাৰীত্ব আৰ্হিৰ উপাদান কি?
উপাদান অনুসৰি পুঁজি অংশিদাৰীত্বৰ আৰ্হি তলত উল্লেখ কৰা হলঃ
আন্তঃগাঠনীঃ ৯১শতাংশ
প্ৰকল্প প্ৰবন্ধনঃ ৩শতাংশ
ক্ষমতা বৰ্দ্ধন আৰু খণ্ড উন্নয়নঃ ৬শতাংশ
৭) এই প্ৰকল্পৰ দ্বাৰা কেনেদৰে উপকৃত হব?
এই প্ৰকল্পৰ কিছু সুবিধা তলত উল্লেখ কৰা হলঃ-
৮) প্ৰকল্প ৰূপায়নৰ ম্যাদ কিমান?
প্ৰকল্প ৰূপায়নৰ সময় তলত উল্লেখ কৰা হলঃ
৯) কিমান জিলাত এই প্ৰকল্প ৰূপায়ণ কৰি থকা হৈছে?
২০১৩-২০২০ বৰ্ষৰ ভিতৰত সম্পূৰ্ণ কৰিব লগীয়া নীৰ নিৰ্মল পৰিযোজনা প্ৰকল্পটো দুটা পৰ্য্যায়ত অসমৰ সাত খন জিলাত ৰূপায়ন কৰি থকা হৈছে।
১০) কোন কোন জিলাত এই প্ৰকল্প ৰূপায়ন কৰি থকা হৈছে?
দুটা পৰ্য্যায়ত এই নীৰ নিৰ্মল পৰিযোজনা প্ৰকল্পটো অসমৰ মুঠ সাত খন জিলাত ৰূপায়ন কৰি থকা হৈছে। প্ৰথম পৰ্য্যায়ত তিনিটা প্ৰকল্প হাইলাকাণ্ডি, যোৰহাট আৰু কামৰূপ জিলাত ৰূপায়ন কৰি থকা হৈছে আৰু দ্বিতীয় পৰ্য্যয়ত চাৰিটা এম.ভি.এছ. প্ৰকল্প মৰিগাঁও, বঙাইগাঁও, শোণিতপুৰ আৰু শিৱসাগৰ জিলাত ৰূপায়ন কৰি থকা হৈছে।
১১) কিহৰ ভিত্তিত এই জিলা সমূহ বাচনি কৰা হৈছে?
১২) জনে প্ৰতি কিমান পৰিমাণৰ পানী যোগান ধৰা হব?
৭০এল.পি.চি.ডি. পানী যোগান ধৰা হব।
১৩) কোন সময়ত পানী যোগান ধৰা হব?
মিটাৰযুক্ত গৃহ পানী সংযোগ ব্যৱস্থাৰ জৰিয়তে ২৪X৭ পানী যোগান ধৰা হব।
১৪) মিটাৰযুক্ত গৃহ পানী যোগান ব্যৱস্থা কি?
প্ৰকল্পটোৰ অধীনত গৃহ সমূহত স্থাপন কৰা এক মিটাৰ ব্যৱস্থাৰ জৰিয়তে পানী যোগান ধৰা হব, যত হিতাধিকাৰীয়ে ব্যৱহাৰ কৰা পানীৰ পৰিমান ৰেকৰ্ড হৈ ৰব আৰু এই ৰেকৰ্ডৰ ভিত্তিতেই তেওঁলোকে মাহিলি মাচুল পৰিশোধ কৰিব।
১৫) এই প্ৰকল্পৰ অধীনত কিমান গাঁও পঞ্চায়তক অন্তৰ্ভুক্ত কৰা হব?
প্ৰথম পৰ্য্যায়ত ৫,৮৯,২৮৩সংখ্যক জনসংখ্যাক সামৰি সাতটা উন্নয়ন খণ্ডৰ ৬৩গাঁও পঞ্চায়ত সামৰি লোৱা হব। আৰু দ্বিতীয় পৰ্য্যায়ত, নটা উন্নয়ন খণ্ডৰ অধিনষ্ঠ ১১০টা গাঁও পঞ্চায়তক সামৰি লোৱা হব ইয়াৰ মুঠ জনসংখ্যা হবগৈ ৬,৮২,১৮৩ সংখ্যক জনসংখ্যা।
১৬) আধাৰভূত জৰীপ কি?
আধাৰভূত জৰীপ হৈছে ঘৰে ঘৰে গৈ কৰা এক জৰীপ ব্যৱস্থা যি প্ৰকল্প ৰূপায়িত এলেকাত কৰা হয়। এই ব্যৱস্থাৰ মূল উদ্দেশ্য হৈছে সংশ্লিষ্ট আঁচনিৰ বাবে পুংখানপুংখ প্ৰকল্প প্ৰতিবেদন (ডি.পি.আৰ.) প্ৰস্তুত কৰিবলৈ লাগতিয়াল তথ্য সংগ্ৰহ কৰা। প্ৰকল্প এলেকাত নীৰ নিৰ্মল পৰিযোজনাৰ কাম-কাজ আৰম্ভ কৰিবলৈ এই আধাৰভূত জৰীপৰ ব্যৱস্থা হাতত লোৱা হৈছে। টেবলেটৰ(হাতেৰে চলোৱা কম্পিউটাৰ) জৰিয়তে এক ওৱেব ভিত্তিক চফ্টৱেৰ ব্যৱহাৰ কৰি এই জৰীপ চলোৱা হয়।
১৭) কেনেকৈ কৰা হয় এই আধাৰভূত জৰীপ?
ইণ্টাৰনেট আৰু জৰীপ সম্পৰ্কীয় এপ্লিকেচন যুক্ত টেবলেট লৈ গণণাকাৰীয়ে ঘৰে ঘৰে যাব। গণণাকাৰীয়ে জৰীপ চলায় উত্তৰদাতাৰ পৰা সংগ্ৰহিত তথ্য সমূহ আলোকচিত্ৰ সহ প্ৰেৰণ কৰিব। উক্ত জৰীপ সম্পৰ্কীয় এপ্লেকেচনৰ জৰিয়তে ভৌগলিক-স্থানাংক সমূহ সংগ্ৰহ কৰা হব যাৰ সহায়ত নিৰ্দিষ্ট অৱস্থান সমূহ অনুসৰণ কৰিব পৰা যাব।
১৮) আধাৰভূত জৰীপৰ উদ্দেশ্য কি?/ আধাৰভূত জৰীপ কিয় কৰা হয়?
জৰীপৰ প্ৰধান উদ্দেশ্য হৈছে সংশ্লিষ্ট প্ৰকল্পসমূহৰ কাৰণে “বিস্তাৰিত প্ৰকল্প প্ৰতিবেদন” প্ৰস্তুত কৰাৰ কাৰণে “তথ্য সংগ্ৰহ” কৰা। প্ৰকল্প এলেকাৰ বিশেষকৈ ইয়াৰ জনসংখ্যা আৰু অৰ্ত-সামাজিক অৱস্থা সম্পৰ্কে প্ৰকল্প এলেকাৰ এটি বিস্তাৰিত প্ৰতিবেদন লাভ কৰাৰ বাবে আধাৰভূত জৰীপ কৰা হয়। ইয়াৰ উপৰিও ঘৰুৱা আধাৰভূত জৰীপে সমূহীয়া বৰঙণি সংগ্ৰহ আৰু পানী যোগানৰ সংযোগ প্ৰদানৰ কামো কৰে।
১৯) প্ৰতিটো ঘৰ আধাৰভুত জৰীপৰ অন্তৰ্ভুক্ত কৰা হবনে?
হয়, প্ৰকল্প এলেকাৰ প্ৰতিটো গাঁও পঞ্চায়তৰ প্ৰতিটো ঘৰতে এই আধাৰভুত জৰীপ কৰা হব।
১) এম.ভি.ডব্লিউ.এছ.চি. মানে কি ?
এম.ভি.ডব্লিউ.এছ.চি. মানে হৈছে বহুমুখী গ্ৰাম্য পানী আৰু অনাময় সমিতি। প্ৰকল্পটো কাৰ্য্যকৰী কৰণৰ বাবে পানী যোগান আৰু স্বাস্থ্য প্ৰণালীৰ কাৰণে কমিটি বনাব লাগে। জিলা স্তৰত প্ৰকল্পৰ কাৰ্য্যকৰীকৰণ আৰু চোৱা-চিতাৰ বাবে মাল্টি ভিলেজ ৱাটাৰ এণ্ড চেনিটেচন কমিটি (MVWSC)য়ে মধ্যৱৰ্ত্তী অৱস্থান গ্ৰহণ কৰে।
২) GPWSC মানে কি ?
গাওঁ পঞ্চায়ত পানী যোগান আৰু স্বাস্থ্য প্ৰণালী কমিটিখন (GPWSC)খন হ’ল গাওঁ পঞ্চায়তৰ এখন উপ-কমিটি। প্ৰকল্পৰ নক্সা আৰু কাৰ্য্যকৰীকৰণ, পাৰিপাৰ্শ্বিক স্বাস্থ্য প্ৰণালীৰ আচঁনি, ঘৰুৱা স্বাস্থ্য প্ৰণালীৰ কাৰ্য্যকৰীকৰণ, IEC/BCC ৰ স্বাস্থ্য আৰু পয়ঃপ্ৰণালীৰ প্ৰতি সজাগতা সৃষ্টিৰ কৰ্ম আৰু ৰাজহুৱা সংগঠকৰ মাধ্যমেদি উপভোক্তা সহযোগিতা সৃষ্টিৰ বাবে এই কমিটিখন দায়বদ্ধ। উপভোক্তাৰ বৰঙণি সংগ্ৰহ আৰু মাহেকীয়া পানীৰ মাচুল গাওঁ পঞ্চায়ত পানী যোগান আৰু স্বাস্থ্য প্ৰণালী কমিটিৰ বেংক খাতাত জমা কৰা হব।
৩) জি.পি.ডব্লিও.এছ.চি.ৰ সদস্য কোনবোৰ?
তলত উল্লেখ কৰা সকলেই হৈছে গাঁও পঞ্চায়ত জল আৰু অনাময় কমিটিৰ সদস্যঃ
চাবলৈ চোৱাইপ কৰক-
১ | সংশ্লিষ্ট গাওঁ পঞ্চায়তৰ সভাপতি | অধ্যক্ষ |
২ | সংশ্লিষ্ট গাওঁ পঞ্চায়তৰ উপ-সভাপতি | উপাধ্যক্ষ |
৩ | অনুবিভাগীয় বিষয়া(সহকাৰী অভিযন্তা/কনিষ্ঠ অভিযন্তা) জনস্বাস্থ্য কাৰিকৰী | সদস্য সচিব |
৪ | ভি.এইচ আৰু এছ.চি. ৰ সভাপতি | সদস্য |
৫ | গাওঁ পঞ্চায়তৰ আঞ্চলিক পঞ্চায়তৰ সদস্য | সদস্য |
৬ | ৱাৰ্ডৰ সকলো সদস্য | সদস্য |
৭ | ভি.ডব্লিউ.এছ.চি. আৰু গাওঁ পঞ্চায়ত পানী যোগান আৰু স্বাস্থ্য প্ৰণালী কমিটিৰ সভাপতি | সদস্য |
৮ | ভি.ডব্লিউ.এছ.চি. আৰু গাওঁ পঞ্চায়ত পানী যোগান আৰু স্বাস্থ্য প্ৰণালী কমিটিৰ সচিব | সদস্য |
৯ | সংশ্লিষ্ট গাওঁ পঞ্চায়তৰ সচিব | সদস্য |
১০ | গাওঁ পঞ্চায়তৰ লগত আশা/অংগনবাদী কৰ্মী | সদস্য |
১১ | স্বচ্ছদূত | সদস্য |
৪) এম.ভি.ডব্লিও.এছ.চি.ৰ সদস্য কোনবোৰ?
চাবলৈ চোৱাইপ কৰক-
১ | জিলা পৰিষদৰ সভাপতি | অধ্যক্ষ |
২ | মুখ্য কাৰ্য্যবাহী বিষয়া/ প্ৰশাসক | উপাধ্যক্ষ |
৩ | প্ৰকল্প নিৰ্ব্বাহ সংমণ্ডলৰ কাৰ্য্যবাহী অভিযন্তা(জনস্বাস্থ্য কাৰিকৰী) | সদস্য সচিব |
৪ | গাওঁ পঞ্চায়ত প্ৰকল্পৰ পৰা অধ্যক্ষ | সদস্য |
৫ | আঞ্চলিক পঞ্চায়তৰ সদস্য | সদস্য |
৬ | জিলা পৰিষদৰ সদস্য | সদস্য |
৭ | ভি.ডব্লিউ.এছ.চি. আৰু গাওঁ পঞ্চায়ত পানী যোগান আৰু স্বাস্থ্য প্ৰণালী কমিটিৰ সভাপতি | সদস্য |
৮ | প্ৰত্যেক গাওঁ পঞ্চায়তৰ সচিব | সদস্য |
৯ | স্বয়ং সেৱী গোট | সদস্য |
১০ | যুৱ দলৰ সদস্য | সদস্য |
১১ | নাগৰিক দলৰ সদস্য | সদস্য |
তলত উল্লেখ কৰা সকলেই হৈছে বহু গ্ৰাম্য জল অনাময় কমিটিৰ সদস্যঃ
অধ্যক্ষ হিচাপে জিলা পৰিষদৰ সভাপতি; অধ্যক্ষা হিচাপে গাওঁ পঞ্চায়ত, মুখ্য কাৰ্য্যবাহী বিষয়া/প্ৰশাসক; সচিব সদস্য হিচাপে প্ৰকল্প কাৰ্য্যকৰী খণ্ডৰ কাৰ্য্যবাহী অভিযন্তা(জনস্বাস্থ্য কাৰিকৰী); প্ৰকল্প গাঁও পঞ্চায়তৰ পৰা অধ্যক্ষা, আঞ্চলিক পঞ্চায়তৰ সদস্য, গাওঁ পঞ্চায়তৰ সদস্য, সদস্য হিচাপে গাওঁ পঞ্চায়তৰ সচিব। বাচনি কৰা সদস্য সকল হৈছে স্বয়ং সেৱী গোট, যুৱ, নাগৰিক গোট।
১) ৰাজহুৱা অৰিহণা মানে কি ?
লক্ষ্যত উপনীত হবলৈ হলে, প্ৰকল্পটোৱে সামাজিক ‘মালিকীস্বত্ব’ ৰ চিহ্ন হিচাপে মূল খৰছৰ বাবে সমাজৰ পৰা সামন্য এটা বৰঙণি লোৱাৰ কথাটো চিন্তা কৰিছে। সামাজিক বৰঙণি মুঠ প্ৰকল্প খৰছৰ ১.০০% হবগৈ।
প্ৰতিঘৰ উপভোক্তাৰ পৰা প্ৰাথমিক ভাৱে এবাৰতে ৪৫০ টকাকৈ(অনুসূচীত জাতি / জনজাতিৰ বাবে ২২৫ টকাকৈ) মূলধন খৰছৰ বৰঙণি ( Capital Expenditur- CAPEX) হিচাপে সংগ্ৰহ কৰা হব।
২) সমূহীয়া অৰিহণা ক্ষেত্ৰত চি.এ.পি.ই.এক্স. আৰু ও.পি.ই.এক্স. সমূহ কোনবোৰ?
হিতাধিকাৰীৰ সকলৰ প্ৰতি গৃহৰ পৰা অগ্ৰিম হিচাপে এবাৰৰ বাবে ৪৫০টকাৰ (অনুসুচীত জাতি/অনুসুচীত জনজাতি লোকৰ বাবে ২২৫টকা) এক পৰিমাণ মূলধন খৰচ অৰিহণা(চি.এ.পি.ই.এক্স.) হিচাপে সংগ্ৰহ কৰা হব। ইয়াৰ পাছতে সমূহীয়া সমূহৰ পৰা সংগ্ৰহ কৰা এই অৰিহণা জি.পি.ডব্লিও.এছ.চি. একাউন্টত জমা কৰা হব।
অ’. এণ্ড এম. ৰ খৰছখিনি অৰ্থাত্ উপভোক্তাৰ পৰা আদায় কৰা পৰিচালনৰ খৰছখিনি(OPEX) প্ৰতিঘৰত সংযোজিত মিটাৰৰ পৰা পোৱা হিচাপৰ ওপৰত ধাৰ্য্য কৰা হব।
৩) সমূহীয়া অৰিহণা প্ৰতি গৃহৰ পৰা সংগ্ৰহ কৰা হব নেকি?
হয়, আধাৰভুত জৰীপ চলোৱা প্ৰতিটো গৃহৰ পৰা সমূহীয়া অৰিহণা সংগ্ৰহ কৰা হব। আৰু আধাৰভুত জৰীপে প্ৰকল্প এলেকাৰ প্ৰতিটো গৃহকে সামৰি লয়।
৪) সমূহীয়া অৰিহণা সমূহ আপুনি কত প্ৰদান কৰিব?
প্ৰকল্প বোৰৰ অংশ স্বৰূপ সমূহীয়া প্ৰধান সকলক এই সমূহীয়া অৰিহণা সমূহ জমা দিব লাগিব আৰু তেওঁলোকে ঘৰে ঘৰে গৈ এই অৰিহণা সংগ্ৰহ কৰিব লাগিব। এই সংগ্ৰহিত অৰিহণা বোৰ পুনৰ প্ৰকল্পত ব্যৱহাৰ কৰাৰ উদ্দেশ্যৰে গাওঁ পঞ্চায়ত পানী যোগান আৰু স্বাস্থ্য প্ৰণালী কমিটিৰ একাউণ্টত জমা কৰিব লাগিব।
৫) চি.এ.পি.ই.এক্স. হিচাপে কিমান পৰিমাণৰ সমূহীয়া অৰিহণা জমা দিব লাগিব?
হিতাধিকাৰীৰ সকলৰ প্ৰতি গৃহৰ পৰা অগ্ৰিমি হিচাপে এবাৰৰ বাবে ৪৫০টকাৰ (অনুসুচীত জাতি/অনুসুচীত জনজাতি লোকৰ বাবে ২২৫টকা) এক পৰিমাণ মূলধনি খৰচ অৰিহণা(চি.এ.পি.ই.এক্স.) হিচাপে সংগ্ৰহ কৰা হব।
৬) এই সমূহীয়া অৰিহণা জমা কৰাৰ বিপৰীতে কোনো ৰচিদ প্ৰদান কৰা হবনে?
হয়, এই ধন জমা কৰাৰ পাছত হিতাধিকাৰী সকলক একোখনকৈ ৰচিদ প্ৰদান কৰা হব।
৭) পানী যোগান ব্যৱস্থা কাৰ্য্যকৰী হোৱাৰ পাছত কিহৰ ভিত্তিত ইয়াৰ মাচুল প্ৰদান কৰিব লাগিব?
মিটাৰত ৰেকৰ্ড হোৱা পানীৰ ব্যৱহাৰৰ উপৰত ভিত্তি কৰি মাচুল আদায় দিব লাগিব।
৮) সংগ্ৰহ কৰা এই মাচুল বোৰ কত ৰখা হব?
প্ৰত্যকে গৃহতে ব্যৱহাৰ কৰা পানীৰ পৰিমাণৰ বিপৰিতে প্ৰদান কৰা এই মাচুল বোৰ গাওঁ পঞ্চায়ত পানী যোগান আৰু স্বাস্থ্য প্ৰণালী কমিটিৰ একাউণ্টত জমা কৰা হব।
৯) এই সংগ্ৰহিত ধন কত খৰচ কৰা হব?
এই সংগ্ৰহিত ধন পানী যোগান প্ৰকল্পৰ পৰিচালন আৰু তত্বাৱধানৰ বাবত খৰচ কৰা হব।
১০) সমূহীয়া অৰিহণা প্ৰদান কৰাৰ সময়ত আপুনি কোনো নথি জমা দিব লাগিব নেকি?
সকলো হিতাধিকাৰীয়ে ঠিকনাযুক্ত, বাসস্থানৰ প্ৰমাণিক নথি প্ৰদান কৰিব লাগিব। এচ.চি./এচ.টি. হিতাধিকাৰীৰ বাবে, ধন আদায় দিয়াৰ সময়ত ৪৫০টকাৰ পৰিবৰ্তে ২২৫টকা জমা দিয়াৰ বাবে যোগ্যতাৰ প্ৰামণিক আনুসাংগিক নথি প্ৰদান কৰিব লাগিব।
১) সমূহীয়া প্ৰধান সকল কোন?
সামাজিক চলাচলৰ গতি তৰান্বিত কৰিবলৈ এই সকল সমূহীয়া প্ৰধানক জড়িত কৰা হয়। নীৰ নিৰ্মল পৰিযোজনাৰ অধীনত পানী যোগান ব্যৱস্থা আৰু অনাময় সম্পৰ্কে ৰাইজৰ মাজত সজাগতা বৃদ্ধি কৰাৰ ক্ষেএত এওঁলোকে অগ্ৰণী ভুমিকা পালন কৰে। এই সমূহীয়া প্ৰধান সকল হৈছে চৰকাৰী বিভাগ, গাওঁ পঞ্চায়ত পানী যোগান আৰু স্বাস্থ্য প্ৰণালী কমিটি আৰু ৰাইজৰ মাজত সমন্বয়ৰক্ষী স্বৰূপ।
২) এখন গাঁও পঞ্চায়তত কেইজনকৈ সমূহীয়া প্ৰধান থাকে?
প্ৰতিখন প্ৰকল্প গাওঁ পঞ্চায়তৰ অধীনত দুজনকৈ সমূহীয়া প্ৰধান থাকে- এজন পূৰুষ আৰু এগৰাকী মহিলা। তেওঁলোকৰ বাবে নিৰ্দিষ্ট একোটা ৱাৰ্ড বা এখন গাঁৱ নিৰ্ধাৰণ কৰা হয়।
৩) সমূহীয়া প্ৰধান সকলৰ দায়িত্ব কি?
সমূহীয়া প্ৰধান সকলৰ দায়িত্ব সমূহ তলত উল্লেখ কৰা হলঃ
৪) সমূহীয়া প্ৰধান সকলক কেনেদৰে নিযুক্তি দিয়া হয়?
যিহেতু এই প্ৰকল্প সমূহৰ জৰিয়তে মানদণ্ড আৰু বহনক্ষমতা আৰু লগতে নিৰ্ধাৰিত সময়ত সকলো কাৰ্য্য সমাধা কৰা দিশটোত গুৰুত্ব প্ৰদান কৰা হয়, সমূহীয়া সমূহৰ পৰা সঠিক ব্যক্তি বিচাৰি উলিওৱাটো অত্যন্তই প্ৰয়োজন যি প্ৰকল্পৰ সফল ৰূপায়নৰ বাবে ৰাইজৰ অংশগ্ৰহণ সুনিশ্চিত কৰিব পৰাকৈ সঠিক বাৰ্তা প্ৰেৰণ কৰিব পাৰে।
সংশ্লিষ্ট গাওঁ পঞ্চায়ত/গাওঁ পঞ্চায়ত পানী যোগান আৰু স্বাস্থ্য প্ৰণালী কমিটিৰ সভাপতি, গাওঁ পঞ্চায়ত পানী যোগান আৰু স্বাস্থ্য প্ৰণালী কমিটিসমূহৰ সদস্য সচিব আৰু এছ.ও আৰু ডি.এম.পি.ইউ. বিশেষজ্ঞ আৰু লগতে অন্য প্ৰাৰ্থি আৰু সমূহীয়া সদস্য সকলৰ উপস্থিতিত প্ৰকল্প জিলা সমূহৰ সংশ্লিষ্ট জি.পি. সমূহত এক বাচনি প্ৰক্ৰীয়াৰ যোগেৰে এই সমূহীয়া প্ৰধান সকলক নিযুক্তি দিয়া হয়।
১) প্ৰকল্পত কিমানটা স্তৰ বা পৰ্য্যায় থাকিব?
প্ৰকল্পত চাৰিটা পৰ্য্যায় থাকিব।
২) প্ৰকল্পৰ এই পৰ্য্যায় সমূহ কি কি?
৩) এই স্তৰ সমূহৰ ম্যাদ কিমান?
৪) জল পৰিশোধন কল কি?
জল পৰিশোধন কল হৈছে সেই ঠাই যত ভু-গৰ্ভৰ পানী উলিওৱাই ইয়াৰ যতন লোৱা হয়।
৫) অপেক্স কি?
ই হৈছে পৰিচালন খৰচ যি প্ৰতি গৃহতে ব্যৱহাৰ হোৱা পানীৰ পৰিমাণৰ ভিত্তিত মাচুল হিচাপে সংগ্ৰহ কৰা হয়।