মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ জনস্বাস্থ্য কাৰিকৰী বিভাগ নীৰ নিৰ্মল পৰিযোজনা, অসম (বিশ্ব বেঙ্কৰ সাহায্যপ্ৰাপ্ত প্ৰকল্প)

নীৰ নিৰ্মল পৰিযোজনা

অসমৰ এন.এন.পি.ৰ এক অৱলোকন

বিকেন্দ্ৰীকৃত সেৱা প্ৰদান জৰিয়তে গ্ৰামঞ্চলত প্ৰতিটো গৃহতে উন্নত মানৰ নলীযুক্ত খোৱা পানী যোগানৰ সুবিধাৰ লগতে অনাময় সেৱা প্ৰদান কৰাৰ উদ্দেশ্যৰে ভাৰত চৰকাৰৰ খোৱাপানী আৰু অনাময় মন্ত্ৰনালয় (এম.ও.ডি.এছ.ডব্লিও.) আৰু অসম চৰকাৰে বিশ্ব বেংকৰ সহায়ত যুটিয়া ভাৱে নীৰ নিৰ্মল পৰিযোজনা নামৰ এক উত্সৰ্গিত আঁচনি তৈয়াৰ কৰিছে। এই প্ৰকল্প ভাৰতৰ চাৰিখন ৰাজ্যত ৰূপায়ন কৰা হৈছে, সেইয়া অসম, বিহাৰ, ঝাৰখণ্ড আৰু উত্তৰ প্ৰদেশত।

অসমত ৰাজ্য চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰি বিভাগৰ তত্বাৱধানত এই প্ৰকল্প ৰূপায়ন কৰি থকা হৈছে। প্ৰকল্প জিলাসমূহৰ বাচনি কৰা গাঁও পঞ্চায়ত সমূহত অধিক বহনক্ষম ভিত্তিত ৭০ এল.পি.চি.ডি. হিচাপে মিটাৰযুক্ত ব্যৱস্থাৰ জৰিয়তে প্ৰতিদিনে ২৪ঘণ্টাই খোৱা পানী যোগান ধৰাই হৈছে এই প্ৰকল্পৰ প্ৰধান উদ্দেশ্য।

প্ৰকল্পৰ পৰিষৰৰ ভিতৰত, কামৰূপ মহানগৰ জিলা, যোৰহাট, হাইলাকাণ্ডি, শিৱসাগৰ, মৰিগাঁও আৰু বঙাইগাঁও জিলাৰ বহু অঞ্চল সামৰি অসম ৰাজ্যই ২০১৩-২০২০বৰ্ষৰ বাবে দুটা পৰ্য্যায়ত সাতটা বৃহত বহু-গ্ৰাম্য আঁচনি হাতত লৈছে। এই সাতখন জিলাৰ ভিতৰত, প্ৰথম পৰ্য্যায়ৰ বাবে প্ৰথম তিনিখন জিলা বাচনি কৰা হৈছে আৰু বাকী ৰাজ্য কেইখনত দ্বিতীয় পৰ্য্যায়ত এই প্ৰকল্প ৰূপায়ন কৰা হব। লক্ষ্য জিলা সমূহত দুটা পৰ্য্যায়ত এই প্ৰকল্পই, সকলো হিতাধিকাৰীৰ অংশগ্ৰহণৰ সৈতে পানী যোগান, অনাময়, এছ.এল.এম.ডব্লিও আদি সকলো অন্তৰ্ভুক্ত কৰে। দুয়োটা পৰ্য্যায়তে পানীৰ বিভিন্ন সমস্যা আৰু কম সংখ্যক গৃহত পানী যোগান ব্যৱস্থা থকা এই দিশ দুটাৰ ওপৰত ভিত্তি কৰি জিলা সমূহ বাচনি কৰা হয়।

এই প্ৰকল্পই আৰ.পি.আই. আৰু সমূহীয়া সমূহৰ অংশগ্ৰহনেৰে বিকেন্দ্ৰীকৃত সেৱা প্ৰদান ব্যৱস্থাৰ বিকাশ ঘটাই আৰু সকলো পৰ্য্যায়তে দায়বদ্ধতা বৃদ্ধি কৰে আৰু লগতে সমূহীয়া আৰু গাঁও পঞ্চায়ত সমূহক মূল ভুমিকা পালনৰ দায়িত্বও প্ৰদান কৰে। জিলা পৰ্য্যায়ত এই প্ৰকল্প ৰূপায়ন কৰাৰ উদ্দেশ্যৰে ইয়াৰ ৰূপায়ন, পৰ্য্যবেক্ষণ আৰু প্ৰকল্প হস্তক্ষেপ/কাৰ্য্যক্ৰমৰ দায়িত্ব অৰ্পন কৰি বহু গ্ৰাম্য জল আৰু অনাময় কমিটিক জড়িত কৰা হয়। জি.পি. সমূহৰ উপ-কমিটি হিচাপে গাঁও পঞ্চায়ত জল আৰু অনাময় কমিটি সমূহ গঠন কৰা হয় যি এই প্ৰকল্প ৰূপায়নৰ বাবে দায়বদ্ধ।

লক্ষ্যত উপনীত হোৱাৰ বাবে এই প্ৰকল্পই মূলধন সৃ্ষ্টিৰ বাবে এক প্ৰতীকি অৰিহণাৰ জৰিয়তে সমূহীয়া সমূহৰ অংশিদাৰিত্ব বৃদ্ধি কৰিছে। সমূহীয়া অৰিহণাই প্ৰকল্প খৰচৰ এক শতাংশ পৰিমাণ সামৰি লয়। হিতাধিকাৰীৰ সকলৰ প্ৰতি গৃহৰ পৰা অগ্ৰিম হিচাপে এবাৰৰ বাবে ৪৫০টকাৰ (অনুসুচীত জাতি/অনুসুচীত জনজাতি লোকৰ বাবে ২২৫টকা) এক পৰিমাণ মূলধনি খৰচৰ বাবে অৰিহণা(চি.এ.পি.ই.এক্স.) হিচাপে সংগ্ৰহ কৰা হয়।

পুঁজি অংশৰ আৰ্হি তলত উল্লেখ কৰা ধৰণৰঃ 

বিশ্ব বেংক

৫০.০০ শতাংশ

ভাৰত চৰকাৰ(ৰাষ্ট্ৰীয় গ্ৰাম্য খোৱা পানী কাৰ্য্যসূচী)

৪৪.৫ শতাংশ

অসম চৰকাৰ

৪.৫০ শতাংশ

সমূহীয়া বৰঙণি

১.০০ শতাংশ

তিনিটা প্ৰধান উপাদান এই প্ৰকল্পৰ অন্তৰ্গতঃ

উপাদান কঃ ক্ষমতা বৰ্ধন আৰু মণ্ডল উন্নয়ন

এই প্ৰকল্পই অংশগ্ৰহণকাৰী সমূহীয়া আৰু আৰ.পি.আই. সমূহক ক্ষমতা প্ৰদান কৰে আৰু স্থানীয় সমূহীয়া সমূহক আৰ.ডব্লিও.এছ.এছ. ব্যৱস্থাৰ পৰিকল্পনা আৰু নিৰ্মাণ কাৰ্য্যত অংশীদাৰ কৰাৰ সুবিধা প্ৰদান কৰে আৰু পৰ্য্যায়ক্ৰমে এই ব্যৱ্স্থা পৰিচালনা আৰু তত্বাৱধান কৰাৰ বাবে পথ প্ৰসশ্ত কৰি তুলে।

উপাদন খঃ আন্তঃগাঁথনি উন্নয়ন

এই আঁচনিয়ে উপৰি পৃষ্ঠৰ পানীৰ উত্স ব্যৱহাৰ কৰে, যত স্থানীয় ভাৱে উপলব্ধ ভূ-গৰ্ভৰ পানীৰ ক্ষেত্ৰত পৰিমাণ আৰু মানদণ্ড সম্পৰ্কীয় সমস্যা থাকে। গতানুগতিক জল পৰিশোধন কল নিৰ্মাণ, প্ৰতিখন গাঁও/জি.পি.ৰ বাবে ওখ জলভাণ্ডাৰৰ ব্যৱস্থা কৰা আৰু প্ৰত্যেক গৃহতে নলীযুক্ত পানী যোগানৰ সংযোগ স্থাপন কৰা অদি সকলো এই প্ৰকল্পৰ অন্তৰ্গত।

উপাদান গঃ প্ৰকল্প প্ৰৱন্ধন  সহায়

এই প্ৰকল্পই ৰাজ্যিক পৰ্য্যায়ত এক শক্তিশালী প্ৰকল্প প্ৰৱন্ধন  আৰ্হি গ্ৰহণ কৰিছে আৰু লগতে প্ৰভাৱশালী আৰু সঠিক প্ৰকল্প ৰূপায়ন আৰু পৰ্য্যবেক্ষণৰ বাবে বিভিন্ন পৰ্য্যায়ত প্ৰকল্প ব্যৱস্থাপনা একক প্ৰতিষ্ঠা কৰিছে। এই প্ৰকল্পৰ উদ্দেশ্য হৈছে নিৰ্ধাৰিত ৰাজ্য সমূহত বিকেন্দ্ৰীকৃত সেৱা প্ৰদান ব্যৱস্থাৰ জৰিয়তে বাচনি কৰা গ্ৰমীণ সমূহীয়া সমূহৰ মাজত উন্নত নলীযুক্ত খোৱা পানীৰ ব্যৱস্থা প্ৰদান কৰাৰ লগতে অনাময় সেৱাও প্ৰদান কৰা।

এই প্ৰকল্পৰ কিছুমান উপকৰিতা এনে ধৰণৰঃ-

  • পানীৰ পৰ্য্যাপ্ততা বৃদ্ধি
  • পানী সংগ্ৰহৰ বাবে প্ৰয়োজনীয় সময়ৰ সংকোচন
  • পৰিপাৰ্শ্বিক অনাময় প্ৰণালীকে ধৰি সামূহিক অনাময় প্ৰণালীৰ উন্নত সেৱা
  • ৰোগ প্ৰাদুৰ্ভাবৰ ঘটনাৰ বিশেষকৈ ডায়েৰীয়া, মেলেৰীয়া, এনকেফেলাইটিচ আৰু ডেংগুৰোগৰ প্ৰাদুৰ্ভাৱৰ ঘটনাৰ হ্ৰাস কৰণ