মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ জনস্বাস্থ্য কাৰিকৰী বিভাগ নীৰ নিৰ্মল পৰিযোজনা, অসম (বিশ্ব বেঙ্কৰ সাহায্যপ্ৰাপ্ত প্ৰকল্প)

বৰ আলগাপুৰ- হাইলাকাণ্ডি জিলাৰ আলগাপুৰ আৰু হাইলাকাণ্ডি উন্নয়ন খণ্ডত হাইলাকাণ্ডি পানী যোগান আঁচনি

  • প্ৰকল্পৰ নামঃ বৰ আলগাপুৰ- হাইলাকাণ্ডি জিলাৰ আলগাপুৰ আৰু হাইলাকাণ্ডি উন্নয়ন খণ্ডত হাইলাকাণ্ডি পানী যোগান আঁচনি

    প্ৰস্তাবিত পানীৰ উত্সঃ কাটাখাল নদী

    প্ৰস্তাবিত ব্যৱহাৰিক বিন্দুঃ মোহনপূৰ বজাৰ

    অৱস্থানঃ উত্তৰ অক্ষাংশ ২৪০৪০’ৰ পৰা ২৪০৫১’লৈ, পূৱ দ্ৰাঘিমা ৯৩০৩১’ৰ পৰা ৯২০৪০’লৈ

    সংযোগ ব্যৱস্থাঃ গুৱাহাটী ৰাজধানীৰ পৰা ৩৪০কিলোমিটাৰ দূৰত্বত

    জিলাখনৰ বিষয়েঃ

    ১,৩২৭ বৰ্গ কিলোমিটাৰ অঞ্চল আগুৰি থকা এই জিলাৰ উত্তৰে আৰু পূৱত বৰাক নদী আৰু কাচাৰ জিলা, দক্ষিণ আৰু পূৱত মিজোৰাম ৰাজ্য আৰু পশ্চিমত কৰিমগঞ্জ জিলা অৱস্থিত। জিলাখন দক্ষিণ-পূৱত ৭৬কিলোমিটাৰ ৰ্দৈঘ্যৰ আন্তঃৰাজ্যিক সীমান্তৰ অংশীদাৰী।

    সামৰি লব লগীয়া এলেকাঃ

    এই প্ৰকল্পই সামৰি লয় হাইলাকাণ্ডি জিলাৰ আলগাপুৰ আৰু হাইলাকাণ্ডি উন্নয়ন খণ্ডৰ সমগ্ৰ এলেকা। এই প্ৰকল্পৰ জৰিয়তে উন্নয়ন খণ্ডটোৰ অধীনত থকা ৩৩গাঁও পঞ্চায়তৰ ১৬৩গাঁও উপকৃত হব। হাইলাকাণ্ডি আৰু আলগাপুৰ উন্নয়ন খণ্ড দুটাত প্ৰতিদিনে ২৪ঘণ্টাই নলীযুক্ত খোৱা পানী যোগান ধৰাৰ উদ্দেশ্যৰে হাইলাকাণ্ডি জিলাৰ ১৪টা গাঁও পঞ্চায়ত এই প্ৰকল্পই সামৰি লয়। এই প্ৰকল্প ৰূপায়িত এলেকাই মুঠ ৫৭খন গাঁও সামৰি লয়।

    চাবলৈ চোৱাইপ কৰক

    ক্ৰঃ নংউন্নয়ন খণ্ডৰ নামগাওঁ পঞ্চায়তৰ নাম
    ১হাইলাকান্দিভাটিৰ কুপা
    ২হাইলাকান্দিবোৱালিপাৰ
    ৩হাইলাকান্দিচাঁদপুৰ উজান বজাৰ
    ৪হাইলাকান্দিগঙ্গাপাৰ ধুমকাৰ লখীৰবন্দ
    ৫আলগাপুৰআলগাপুৰ
    ৬আলগাপুৰবাঁশবাৰী
    ৭আলগাপুৰবক্ৰিহাৱাৰ
    ৮আলগাপুৰচান্দীপুৰ
    ৯আলগাপুৰচিপাৰচাঙ্গান
    ১০আলগাপুৰমোহনপুৰ
    ১১আলগাপুৰউত্তৰ নাৰায়ণপুৰ(নৰ্থ নাৰায়ণপুৰ) 
    ১২আলগাপুৰচায়েদ বন্দ
    ১৩আলগাপুৰউত্তৰ কাঞ্চনপুৰ
    ১৪আলগাপুৰপশ্চিম মোহনপুৰ

    পলকতে কাৰ্যক্ৰমঃ

    ১. জল পৰিশোধন ক’ল আৰু ই.এছ.আৰ. নিৰ্মাণ কাৰ্য্য অব্যাহত আছে।

    ২. সমূহীয়া প্ৰতিনিধিৰ সজাগতা সভাও অব্যাহত আছে।

    ৩. জি.পি.ডব্লিও.এছ.চি. সদস্য সকলৰ প্ৰশিক্ষণো অব্যাহত আছে।

    ৪. সমূহীয়া অৰিহণা সংগ্ৰহৰ কাৰ্য্যও অব্যাহত আছে।