মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ জনস্বাস্থ্য কাৰিকৰী বিভাগ নীৰ নিৰ্মল পৰিযোজনা, অসম (বিশ্ব বেঙ্কৰ সাহায্যপ্ৰাপ্ত প্ৰকল্প)

ক্ষমতা বৰ্ধন

যিহেতু এন.এন.পি. প্ৰকল্পই মানদণ্ড আৰু বহনক্ষমতা আৰু লগতে সময়মতে প্ৰকল্প ৰূপায়নত গুৰুত্ব আৰোপ কৰে এনে ক্ষেত্ৰত জনস্বাস্থ্য কাৰিকৰী বিভাগ আৰু ডি.এম.পি.ইউ.ৰ বাহাল থকা ক্ষমতা বৰ্ধন কৰাটো এক বিশেষ প্ৰয়োজন। তাৰোপৰি, বিকেন্দ্ৰীকৃত সেৱা প্ৰদান ব্যৱস্থাৰ অধীনত থকা সকলো অংশীদাৰী, সেইয়া হল, ৰাজ্য, জিলা, খণ্ড, গাঁও পঞ্চায়ত, ওৱাৰ্ড, গাঁও আৰু চুবুৰী পৰ্য্যায়ত সামৰ্থ বৰ্ধন কৰাটো, খোৱা পানী যোগান আৰু অনাময় প্ৰকল্পৰ সমূহীয়া ভিত্তিক ৰূপায়ন, প্ৰৱন্ধন  আৰু পৰ্য্যবেক্ষণৰ কাৰ্য্যৰত আৰু অনুকৃতিযোগ্য আৰ্হি প্ৰদৰ্শন কৰাটো প্ৰয়োজনীয়। প্ৰকল্পটো ৰূপায়নৰ বাবে কোনো ব্যক্তিক একেৰাহে নিয়োগ কৰাটো প্ৰয়োজন হোৱাৰ উপৰিও তেওঁক বিকেন্দ্ৰীকৃত সেৱা প্ৰদান ব্যৱস্থাৰ বিষয়ে অবগত কৰাটোও প্ৰয়োজনীয় যাৰ ফলত প্ৰকল্পটোৰ বহনক্ষমতা সুনিশ্চিত কৰাটো সম্ভব হৈ পৰিব। সেইমৰ্মে দায়িত্ব আৰু দায়বদ্ধতাৰ ক্ষেত্ৰত দেখা দিয়া পৰিবৰ্তনে প্ৰয়োজন ভিত্তিক প্ৰশিক্ষণৰ হস্তক্ষেপ কামনা কৰে।

প্ৰকল্প ৰূপায়নৰ সকলো পৰ্য্যায়ৰ সৈতে জড়িত সকলো অংশীদাৰৰ বাবে সঠিক প্ৰশিক্ষণ হ্স্তক্ষেপৰ আয়োজন কৰাটো আৰু তেওঁলোকক তেওঁলোকৰ দায়িত্ব পালনৰ বাবে অধিক শক্তিশালী আৰু সক্ষম কৰি তুলাটো অতিকৈ গুৰুত্বপূৰ্ণ। প্ৰশিক্ষণ প্ৰদানৰ বাবে আটাইতকৈ প্ৰয়োজনীয় কথাটো হৈছে ইয়াৰ বাবে যোগ্য দল বাচি উলিওৱাটো; প্ৰকল্পত তেওঁলোকৰ দায়িত্ব আৰু দায়বদ্ধতা নিৰ্ধাৰণ কৰা; তেওঁলোকৰ বাবে প্ৰয়োজনীয় জ্ঞান আৰু দক্ষতা সম্পৰ্কীয় তথ্য গোটোৱা। তাৰোপৰি প্ৰকল্পৰ প্ৰতি অধিক দায়বদ্ধ হোৱাৰ ক্ষেত্ৰত নিজৰ সক্ষমতা বঢ়াবৰ বাবে বিভিন্ন পৰ্য্যয়ত অংশীদাৰ সকলে নতুন নতুন ধাৰণাৰ বিকাশ ঘটাৱাৰ প্ৰয়োজন আছে আৰু ইয়াৰ বাবে প্ৰয়োজন কিছুমান বুনিয়াদী শিক্ষা তথা জ্ঞানৰ। এই ক্ষেত্ৰত, এন.এন.পি.ৰ অধীনষ্ঠ বিভিন্ন পৰ্য্যায়ৰ বিভিন্ন অংশীদাৰৰ বিষয়ে বিবেচনা কৰিয়েই প্ৰশিক্ষণমূলক প্ৰয়োজন মুল্যাংকণ (টি.এন.এ.) ব্যৱস্থা গ্ৰহণ কৰা হৈছে। তাৰোপৰি, প্ৰকল্প ৰূপায়নৰ আৰম্ভনিৰে পৰা সামাজিক স্থানান্তৰকৰণৰ অংশ হিচাপে চলাই যোৱা প্ৰকল্পৰ হস্তক্ষেপ সমূহৰ প্ৰভাৱ মূল্যাংকন কৰাৰ ক্ষেত্ৰত সহায় হোৱাকৈ প্ৰকল্প জিলা সমূহত মধ্যকালীন প্ৰভাৱ মূল্যাংকণ (এম.টি.আই.এ.) ব্যৱস্থাও গ্ৰহণ কৰা হৈছে। পৰ্য্যায়ক্ৰমে, টি.এন.এ. আৰু এম.আই.টি.এ.ৰ জৰিয়তে লাভ কৰা ফলাফলৰ ওপৰত ভিত্তি কৰিয়েই প্ৰশিক্ষণ ৰূপায়নৰ পৰিকল্পনা তৈয়াৰ কৰা হৈছে আৰু এখন প্ৰশিক্ষণ সুচী অনুসৰণ কৰি ইয়াৰ ৰূপায়ন কৰা হৈছে।